ছূৰা 9 · জুজ 10
At-Tawbah · 9:79
الَّذِينَ يَلْمِزُونَ الْمُطَّوِّعِينَ مِنَ الْمُؤْمِنِينَ فِي الصَّدَقَاتِ وَالَّذِينَ لَا يَجِدُونَ إِلَّا جُهْدَهُمْ فَيَسْخَرُونَ مِنْهُمْ ۙ سَخِرَ اللَّهُ مِنْهُمْ وَلَهُمْ عَذَابٌ أَلِيمٌ
মুমিনসকলৰ মাজত যিসকলে স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা দিয়ে আৰু যিসকলে নিজ শ্ৰমৰ বাহিৰে একোৱে নাপায়, তেওঁলোকক যিসকলে দোষাৰোপ কৰে। তাৰ পিছত সিহঁতক লৈ উপহাস কৰে, (এনে প্ৰকৃতিৰ লোকক) আল্লাহে উপহাস কৰে আৰু সিহঁতৰ বাবে আছে যন্ত্ৰণাদায়ক শাস্তি।
তাফছীৰ
স্বতঃস্ফূৰ্তভাৱে ছাদাক্বা প্ৰদানকাৰী সেইসকল মুমিনৰ প্ৰতি যিসকলে নিজৰ শ্ৰমৰ বাহিৰে একোৱে নাপায় তেওঁলোকৰ কম দান কৰাক কেন্দ্ৰ কৰি সিহঁতে উপহাস কৰি কয়ঃ তোমালোকৰ এই ছাদাক্বাই কি উপকাৰ সাধিব? মুমিনসকলক উপহাস কৰাৰ পৰিণতিত আল্লাহে সিহঁতৰ উপহাস কৰিব, লগতে সিহঁতৰ বাবে আছে কষ্টদায়ক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক