ছূৰা 9 · জুজ 10
At-Tawbah · 9:77
فَأَعْقَبَهُمْ نِفَاقًا فِي قُلُوبِهِمْ إِلَىٰ يَوْمِ يَلْقَوْنَهُ بِمَا أَخْلَفُوا اللَّهَ مَا وَعَدُوهُ وَبِمَا كَانُوا يَكْذِبُونَ
পৰিণাম স্বৰূপে তেওঁ সিহঁতৰ অন্তৰত নিফাক্ব ৰাখি দিলে সেই দিন লৈকে যিদিনা সিহঁতে আল্লাহৰ লগত সাক্ষাৎ কৰিব, সিহঁতে আল্লাহৰ ওচৰত যি অঙ্গীকাৰ কৰিছিল সেয়া ভঙ্গ কৰাৰ কাৰণে আৰু সিহঁতে যি মিছা কৈছিল তাৰ বাবে।
তাফছীৰ
ফলত ইয়াৰ পৰিণাম স্বৰূপে সিহঁতৰ অন্তৰত ক্বিয়ামত পৰ্যন্ত নিফাক ঢালি দিয়া হ'ল। কিয়নো সিহঁতে সেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছে যিটো সিহঁতে আল্লাহৰ লগত কৰিছিল। এই কাৰণেও যে সিহঁত আছিল মিছলীয়া।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক