ছূৰা 9 · জুজ 10
At-Tawbah · 9:73
يَا أَيُّهَا النَّبِيُّ جَاهِدِ الْكُفَّارَ وَالْمُنَافِقِينَ وَاغْلُظْ عَلَيْهِمْ ۚ وَمَأْوَاهُمْ جَهَنَّمُ ۖ وَبِئْسَ الْمَصِيرُ
হে নবী! কাফিৰ আৰু মুনাফিকসকলৰ বিৰুদ্ধে জিহাদ কৰা, সিহঁতৰ প্ৰতি কঠোৰ হোৱা; আৰু সিহঁতৰ আবাসস্থল জাহান্নাম, আৰু সেয়া কিমান যে নিকৃষ্ট প্ৰত্যাৱৰ্তন স্থল!
তাফছীৰ
হে ৰাছুল! কাফিৰসকলৰ লগত তৰোৱালেৰে যুদ্ধ কৰা আৰু মুনাফিকসকলৰ লগত মৌখিকভাৱে আৰু যুক্তিৰে জিহাদ কৰা, তথা উভয়ৰে ক্ষেত্ৰত কঠোৰ হোৱা। কিয়নো সিহঁত ইয়াৰেই যোগ্য। আৰু ক্বিয়ামতৰ দিনা সিহঁতৰ আবাসস্থল হৈছে জাহান্নাম, আৰু ই বৰ নিকৃষ্ট আবাসস্থল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক