ছূৰা 9 · জুজ 10
At-Tawbah · 9:68
وَعَدَ اللَّهُ الْمُنَافِقِينَ وَالْمُنَافِقَاتِ وَالْكُفَّارَ نَارَ جَهَنَّمَ خَالِدِينَ فِيهَا ۚ هِيَ حَسْبُهُمْ ۚ وَلَعَنَهُمُ اللَّهُ ۖ وَلَهُمْ عَذَابٌ مُقِيمٌ
আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিক নাৰীক জাহান্নামৰ অগ্নিৰ প্ৰতিশ্ৰুতি দিছে। য’ত সিহঁতে চিৰকাল থাকিব, এইটোৱে সিহঁতৰ বাবে যথেষ্ট; আৰু আল্লাহে সিহঁতক অভিশাপ কৰিছে আৰু সিহঁতৰ বাবে আছে স্থায়ী শাস্তি;
তাফছীৰ
মুনাফিকসকলৰ আৰু কাফিৰসকলৰ মাজৰ যিসকলে তাওবা কৰা নাই, আল্লাহে সিহঁতক জাহান্নামৰ জুইত প্ৰৱেশৰ প্ৰতিশ্ৰুতি দিছে, যত সিহঁত চিৰকাল অৱস্থান কৰিব। শাস্তিৰ বাবে এইটোৱে সিহঁতৰ পক্ষে যথেষ্ট। লগতে আল্লাহে সিহঁতক নিজ ৰহমতৰ পৰা বিতাৰিত কৰিছে, আৰু সিহঁতৰ বাবে আছে ধাৰাবাহিক শাস্তি।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক