ছূৰা 9 · জুজ 10

At-Tawbah · 9:49

وَمِنْهُمْ مَنْ يَقُولُ ائْذَنْ لِي وَلَا تَفْتِنِّي ۚ أَلَا فِي الْفِتْنَةِ سَقَطُوا ۗ وَإِنَّ جَهَنَّمَ لَمُحِيطَةٌ بِالْكَافِرِينَ

আৰু সিহঁতৰ মাজত এনেকুৱা লোক আছে যিয়ে কয়, ‘মোক অব্যাহতি দিয়ক আৰু মোক ফিতনাত পতিত নকৰিব’। সাৱধান! সিহঁত ফিতনাতেই পতিত হৈ আছে; আৰু নিশ্চয় জাহান্নামে কাফিৰসকলক বেষ্টন কৰিয়ে আছে।

তাফছীৰ

মুনাফিকসকলৰ কিছুমানে বিভিন্ন প্ৰকাৰৰ ওজৰ দাঙি ধৰিছিল আৰু কৈছিলঃ হে আল্লাহৰ ৰাছুল! আমাক জিহাদৰ পৰা পিছুৱাই থকাৰ অনুমতি দিয়ক, আৰু আপোনাৰ লগত যাবলৈ বাধ্য নকৰিব, এনেকুৱা হ'ব পাৰে যে আমি ৰোমী শত্ৰুসকলৰ স্ত্ৰীসকলক দেখি নিজকে চম্ভালিব নোৱাৰি হয়তো গুনাহত লিপ্ত হ'ম। জানি থোৱা! সিহঁত ইয়াতকৈয়ো অধিক ভয়াৱহ গুনাহত লিপ্ত হৈছে। সেয়া হৈছে নিফাক আৰু জিহাদৰ পৰা দূৰৈত থকাৰ গুনাহ। নিশ্চয় ক্বিয়ামতৰ দিনা জাহান্নামে কাফিৰসকলক পৰিবেষ্টন কৰি ৰাখিব। তাৰ পৰা সিহঁতৰ কোনেও ৰক্ষা নাপাব আৰু কোনেও পলায়নও কৰিব নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক