ছূৰা 9 · জুজ 10

At-Tawbah · 9:37

إِنَّمَا النَّسِيءُ زِيَادَةٌ فِي الْكُفْرِ ۖ يُضَلُّ بِهِ الَّذِينَ كَفَرُوا يُحِلُّونَهُ عَامًا وَيُحَرِّمُونَهُ عَامًا لِيُوَاطِئُوا عِدَّةَ مَا حَرَّمَ اللَّهُ فَيُحِلُّوا مَا حَرَّمَ اللَّهُ ۚ زُيِّنَ لَهُمْ سُوءُ أَعْمَالِهِمْ ۗ وَاللَّهُ لَا يَهْدِي الْقَوْمَ الْكَافِرِينَ

কোনো মাহক পিছুৱাই দিয়াটো হৈছে কেৱল কুফৰীত বৃদ্ধি সাধন কৰা, ইয়াৰ দ্বাৰা কাফিৰসকলক বিভ্ৰান্ত কৰা হয়। সিহঁতে ইয়াক কোনো বছৰত বৈধ কৰে আকৌ কোনো বছৰত অবৈধ কৰে যাতে সিহঁতে আল্লাহে যিবোৰক নিষিদ্ধ কৰিছে সেইবোৰৰ গণনা পূৰ্ণ কৰিব পাৰে; ফলত আল্লাহে যি হাৰাম কৰিছে সেয়া সিহঁতে হালাল কৰে। সিহঁতৰ বেয়া কৰ্মবোৰ সিহঁতৰ বাবে শোভনীয় কৰি দিয়া হৈছে, আৰু আল্লাহে কাফিৰ সম্প্ৰদায়ক হিদায়ত নিদিয়ে।

তাফছীৰ

কোনো সন্মানিত মাহৰ মৰ্যাদাক পিছুৱাই আন কোনো সাধাৰণ মাহলৈ পৰিবৰ্তন কৰাটো হৈছে সিহঁতৰ কুফৰীত আৰু অধিক বৃদ্ধি হোৱা কাৰ্য, (যিদৰে অজ্ঞতাযুগত আৰবীয়ানসকলে কৰিছিল)। কিয়নো সিহঁতে সন্মানিত মাহসমূহৰ ক্ষেত্ৰত আল্লাহৰ আদেশ উলংঘা কৰিছে। চয়তানে সিহঁতৰ বাবে এই অপসংস্কৃতি বলৱৎ কৰি সিহঁতক পথভ্ৰষ্ট কৰিছে। সিহঁতে কোনোবা বছৰত সন্মানিত মাহক সাধাৰণ মাহৰ লগত পৰিবৰ্তন কৰে, আকৌ কোনোবা বছৰত আগৰ দৰেই থাকিব দিয়ে, যাতে আল্লাহে সন্মানিত কৰা মাহৰ গণনাত কোনো বিসংগতি নহয়। সিহঁতে যেতিয়াই কোনো সন্মানিত মাহক বৈধ বুলি গ্ৰহণ কৰে তেতিয়াই সেই মাহৰ স্থানত আন এটা সাধাৰণ মাহক স্থলাভিষিক্ত কৰে। এইদৰে সিহঁতে আল্লাহৰ নিষিদ্ধ মাহসমূহক হালাল কৰি আল্লাহৰ আদেশ উলংঘা কৰে। প্ৰকৃততে চয়তানে সিহঁতৰ কৰ্মক শোভনীয় কৰি দিয়ে, ফলত সিহঁতে তাৰ ওপৰত আমল কৰে। আল্লাহে সেইসকল কাফিৰক তাওফীক নিদিয়ে, যিসকলে কুফৰৰ ওপৰত অটল থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক