ছূৰা 9 · জুজ 10

At-Tawbah · 9:35

يَوْمَ يُحْمَىٰ عَلَيْهَا فِي نَارِ جَهَنَّمَ فَتُكْوَىٰ بِهَا جِبَاهُهُمْ وَجُنُوبُهُمْ وَظُهُورُهُمْ ۖ هَٰذَا مَا كَنَزْتُمْ لِأَنْفُسِكُمْ فَذُوقُوا مَا كُنْتُمْ تَكْنِزُونَ

যিদিনা সেইবোৰ জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হ’ব আৰু সেইবোৰেৰে সিহঁতৰ কপাল, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ’ব, কোৱা হ’ব, ‘এইবোৰেই তোমালোকে নিজৰ বাবে সঞ্চয় কৰিছিলা। গতিকে তোমালোকে যি সঞ্চয় কৰিছিলা তাৰ সোৱাদ উপভোগ কৰা’।

তাফছীৰ

সিহঁতে যিবোৰ সঞ্চয় কৰিছে, ক্বিয়ামতৰ দিনা সেইবোৰক জাহান্নামৰ জুইত উত্তপ্ত কৰা হ'ব। যেতিয়া পূৰ্ণৰূপে উত্তপ্ত হ'ব তেতিয়া সেইবোৰৰ জৰিয়তে সিহঁতৰ কপালত, শৰীৰৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হ'ব, লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ'বঃ এইবোৰেই তোমালোকৰ সম্পদ, যিবোৰ তোমালোকে সঞ্চয় কৰি ৰাখিছিলা আৰু ইয়াৰ অনিবাৰ্য হক আদায় কৰা নাছিলা। এতেকে এতিয়া নিজৰ সেই সঞ্চিত ধনৰ পৰিণাম ভোগ কৰা, যিবোৰৰ হক আদায় কৰা নাছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক