ছূৰা 9 · জুজ 11
Allah is sufficient for me · At-Tawbah 9:129
فَإِنْ تَوَلَّوْا فَقُلْ حَسْبِيَ اللَّهُ لَا إِلَٰهَ إِلَّا هُوَ ۖ عَلَيْهِ تَوَكَّلْتُ ۖ وَهُوَ رَبُّ الْعَرْشِ الْعَظِيمِ
এতেকে সিহঁতে যদি আঁতৰি যায় তেন্তে তুমি কোৱা, ‘মোৰ বাবে আল্লাহেই যথেষ্ট, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। মই তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰো আৰু তেওঁ মহা আৰছৰ ৰব’।
তাফছীৰ
এতেকে যদি সিহঁতে বিমুখ হয় আৰু আপুনি লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ নকৰে তেন্তে হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক যে, আল্লাহেই মোৰ বাবে যথেষ্ট। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। সেই একক আল্লাহৰ প্ৰতি মই ভৰসা কৰিছো। তেওঁ পৱিত্ৰ, মহাসিংহাসনৰ গৰাকী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক