ছূৰা 9 · জুজ 11

At-Tawbah · 9:124

وَإِذَا مَا أُنْزِلَتْ سُورَةٌ فَمِنْهُمْ مَنْ يَقُولُ أَيُّكُمْ زَادَتْهُ هَٰذِهِ إِيمَانًا ۚ فَأَمَّا الَّذِينَ آمَنُوا فَزَادَتْهُمْ إِيمَانًا وَهُمْ يَسْتَبْشِرُونَ

আৰু যেতিয়াই কোনো ছুৰা অৱতীৰ্ণ হয় তেতিয়াই সিহঁতৰ কিছুমানে কয়, ‘এইটোৱে তোমালোকৰ মাজত কাৰ ঈমান বৃদ্ধি কৰিলে’? এতেকে যিসকলে ঈমান আনিছে ই তেওঁলোকৰে ঈমান বৃদ্ধি কৰিছে আৰু তেওঁলোকেই আনন্দিত হয়।

তাফছীৰ

যেতিয়া আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত কোনো ছুৰা অৱতীৰ্ণ কৰে, তেতিয়া মুনাফিকসকলৰ কিছুমানে উপহাস কৰি কয় যে, এই অৱতীৰ্ণ হোৱা ছুৰাটোৱে মুহাম্মদ লৈ অহা চৰীয়তৰ কাৰ ঈমান বৃদ্ধি কৰিলে? প্ৰকৃত সত্য এই যে, যিসকলে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰে আৰু তেওঁৰ নবীক সত্য বুলি স্বীকাৰ কৰে, এই ছুৰাই তেওঁলোকৰ পূৰ্বৰ ঈমানক আৰু বৃদ্ধি কৰি দিয়ে, আৰু অহী অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰতো তেওঁলোক আনন্দিত। কাৰণ তাত তেওঁলোকৰ বাবে পৃথিৱী আৰু আখিৰাতৰ উপকাৰ নিহিত আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক