ছূৰা 85 · জুজ 30
Al-Buruj · 85:10
إِنَّ الَّذِينَ فَتَنُوا الْمُؤْمِنِينَ وَالْمُؤْمِنَاتِ ثُمَّ لَمْ يَتُوبُوا فَلَهُمْ عَذَابُ جَهَنَّمَ وَلَهُمْ عَذَابُ الْحَرِيقِ
নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক বিপদাপন্ন কৰিছে তাৰ পিছত তাওবা কৰা নাই, সিহঁতৰ বাবে আছে জাহান্নামৰ শাস্তি, আৰু সিহঁতৰ বাবে আছে দহন যন্ত্ৰণা।
তাফছীৰ
নিশ্চয় যিহঁতে মুমিন পুৰুষ আৰু মুমিনা নাৰীক এক আল্লাহৰ প্ৰতি ঈমানৰ পৰা ওভোতাই আনিবলৈ যি শাস্তি বিহিছিল, আৰু ইয়াৰ পিছত যিসকলে সেই অপৰাধৰ পৰা তাওবা কৰা নাই, সিহঁতৰ বাবে জাহান্নামৰ শাস্তি আছে। আৰু সিহঁতৰ বাবে অগ্নিৰ শাস্তি আছে যি অগ্নিয়ে সিহঁতক পুৰিব। এই শাস্তি হৈছে মুমিনসকলক জুইত জ্বলোৱাৰ পৰিণাম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক