إِذَا الشَّمْسُ كُوِّرَتْ1
সূৰ্যক যেতিয়া নিষ্প্ৰভ কৰা হ’ব,
وَإِذَا النُّجُومُ انْكَدَرَتْ2
আৰু নক্ষত্ৰৰাজি যেতিয়া খহি পৰিব,
وَإِذَا الْجِبَالُ سُيِّرَتْ3
পৰ্বতসমূহক যেতিয়া সঞ্চালিত কৰা হ’ব,
وَإِذَا الْعِشَارُ عُطِّلَتْ4
আৰু যেতিয়া পূৰ্ণ গাভিনী উটবোৰক অযত্নে এৰি দিয়া হ’ব,
وَإِذَا الْوُحُوشُ حُشِرَتْ5
আৰু যেতিয়া বনৰীয়া পশুবোৰক একত্ৰিত কৰা হ’ব,
وَإِذَا الْبِحَارُ سُجِّرَتْ6
আৰু যেতিয়া সাগৰসমূহক অগ্নিউত্তাল কৰা হ’ব,
وَإِذَا النُّفُوسُ زُوِّجَتْ7
আৰু যেতিয়া আত্মাসমূহক (সমগোত্ৰীয়সকলৰ লগত) মিলিত কৰা হ’ব,
وَإِذَا الْمَوْءُودَةُ سُئِلَتْ8
আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যাশিশুক সোধা হ’ব,
بِأَيِّ ذَنْبٍ قُتِلَتْ9
কি অপৰাধত তাইক হত্যা কৰা হৈছিল?
وَإِذَا الصُّحُفُ نُشِرَتْ10
আৰু যেতিয়া আমলনামাসমূহ উন্মোচিত কৰা হ’ব,
وَإِذَا السَّمَاءُ كُشِطَتْ11
আৰু যেতিয়া আকাশৰ আৱৰণ অপসাৰিত কৰা হ’ব,
وَإِذَا الْجَحِيمُ سُعِّرَتْ12
আৰু যেতিয়া জাহান্নামক ভীষণভাৱে প্ৰজ্জ্বলিত কৰা হ’ব,
وَإِذَا الْجَنَّةُ أُزْلِفَتْ13
আৰু জান্নাতক যেতিয়া নিকটবৰ্তী কৰা হ’ব,
عَلِمَتْ نَفْسٌ مَا أَحْضَرَتْ14
তেতিয়া প্ৰত্যেক ব্যক্তিয়েই জানিব সি কি উপস্থিত কৰিছে।
فَلَا أُقْسِمُ بِالْخُنَّسِ15
এতেকে মই শপত কৰিছো আৱৰ্তনশীল নক্ষত্ৰবোৰৰ,
الْجَوَارِ الْكُنَّسِ16
যিবোৰ গতিশীল, অদৃশ্য,
وَاللَّيْلِ إِذَا عَسْعَسَ17
আৰু ৰাতিৰ শপত যেতিয়া ই বিদায় লয়,
وَالصُّبْحِ إِذَا تَنَفَّسَ18
আৰু প্ৰভাতৰ শপত যেতিয়া ইয়াৰ আবিৰ্ভাৱ হয়,
إِنَّهُ لَقَوْلُ رَسُولٍ كَرِيمٍ19
নিশ্চয় এই কোৰআন সন্মানিত ৰাছুলে লৈ অহা বাণী।
ذِي قُوَّةٍ عِنْدَ ذِي الْعَرْشِ مَكِينٍ20
যিজন শক্তিশালী, আৰশ্বৰ মালিকৰ ওচৰত মৰ্যদাসম্পন্ন,
مُطَاعٍ ثَمَّ أَمِينٍ21
মান্যবৰ, তাত তেওঁ বিশ্বস্ত।
وَمَا صَاحِبُكُمْ بِمَجْنُونٍ22
আৰু তোমালোকৰ সঙ্গী উন্মাদ নহয়,
وَلَقَدْ رَآهُ بِالْأُفُقِ الْمُبِينِ23
আৰু তেওঁ তেওঁক স্পষ্ট দিগন্তত দেখিছে,
وَمَا هُوَ عَلَى الْغَيْبِ بِضَنِينٍ24
আৰু তেওঁ গায়েবী বিষয় সম্পৰ্কে কৃপণালিও নকৰে।
وَمَا هُوَ بِقَوْلِ شَيْطَانٍ رَجِيمٍ25
আৰু এয়া কোনো অভিশপ্ত চয়তানৰো বাক্য নহয়।
فَأَيْنَ تَذْهَبُونَ26
এতেকে তোমালোকে কোনফালে গতি কৰিছা?
إِنْ هُوَ إِلَّا ذِكْرٌ لِلْعَالَمِينَ27
এইটো কেৱল সমগ্ৰ জগতবাসীৰ বাবে উপদেশ বাণী,
لِمَنْ شَاءَ مِنْكُمْ أَنْ يَسْتَقِيمَ28
তাৰ বাবে, তোমালোকৰ মাজৰ যিয়ে সৰল পথত চলিব বিচাৰে।
وَمَا تَشَاءُونَ إِلَّا أَنْ يَشَاءَ اللَّهُ رَبُّ الْعَالَمِينَ29
তোমালোকে ইচ্ছা কৰিব নোৱাৰা, যেতিয়া লৈকে বিশ্বজগতৰ প্ৰতিপালক আল্লাহে ইচ্ছা নকৰে।