ছূৰা 76 · জুজ 29
Al-Insan · 76:24
فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تُطِعْ مِنْهُمْ آثِمًا أَوْ كَفُورًا
এতেকে তুমি ধৈৰ্যৰ সৈতে তোমাৰ প্ৰতিপালকৰ নিৰ্দেশৰ প্ৰতীক্ষা কৰা আৰু সিহঁতৰ মাজৰ পৰা কোনো পাপিষ্ঠ বা ঘোৰ অকৃতজ্ঞ কাফিৰৰ আনুগত্য নকৰিবা।
তাফছীৰ
আপুনি আল্লাহৰ নিৰ্ণয়ৰ প্ৰতি ধৈৰ্য ধাৰণ কৰক আৰু তেওঁৰ আদেশসমূহ পালন কৰক। আৰু কোনো পাপীৰ অনুসৰণ কৰি তাৰ পাপ কৰ্মত লিপ্ত নহ'ব আৰু কোনো কাফিৰৰ কথা শুনি তাৰ কুফুৰীৰ পথত নচলিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক