ছূৰা 74 · জুজ 29
Al-Muddaththir · 74:56
وَمَا يَذْكُرُونَ إِلَّا أَنْ يَشَاءَ اللَّهُ ۚ هُوَ أَهْلُ التَّقْوَىٰ وَأَهْلُ الْمَغْفِرَةِ
আৰু আল্লাহৰ ইচ্ছাবিহীন কোনোৱেই উপদেশ গ্ৰহণ কৰিব নোৱাৰে তেৱেঁই ভয়ৰ যোগ্য, কেৱল তেওঁৰেই তাক্বৱা অৱলম্বন কৰা, আৰু তেৱেঁই ক্ষমা কৰাৰ অধিকাৰী।
তাফছীৰ
আল্লাহে যেতিয়া ইচ্ছা কৰিব তেতিয়াহে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰিব। একমাত্ৰ পৱিত্ৰ আল্লাহ ইয়াৰ যোগ্য যে, তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। আৰু যেতিয়া তেওঁৰ বান্দাই ক্ষমা বিচাৰে তেতিয়া বান্দাক ক্ষমা কৰি দিয়াৰো একমাত্ৰ অধিকাৰ তেওঁৰেই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক