ছূৰা 74 · জুজ 29
Al-Muddaththir · 74:31
وَمَا جَعَلْنَا أَصْحَابَ النَّارِ إِلَّا مَلَائِكَةً ۙ وَمَا جَعَلْنَا عِدَّتَهُمْ إِلَّا فِتْنَةً لِلَّذِينَ كَفَرُوا لِيَسْتَيْقِنَ الَّذِينَ أُوتُوا الْكِتَابَ وَيَزْدَادَ الَّذِينَ آمَنُوا إِيمَانًا ۙ وَلَا يَرْتَابَ الَّذِينَ أُوتُوا الْكِتَابَ وَالْمُؤْمِنُونَ ۙ وَلِيَقُولَ الَّذِينَ فِي قُلُوبِهِمْ مَرَضٌ وَالْكَافِرُونَ مَاذَا أَرَادَ اللَّهُ بِهَٰذَا مَثَلًا ۚ كَذَٰلِكَ يُضِلُّ اللَّهُ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۚ وَمَا يَعْلَمُ جُنُودَ رَبِّكَ إِلَّا هُوَ ۚ وَمَا هِيَ إِلَّا ذِكْرَىٰ لِلْبَشَرِ
আৰু আমি কেৱল ফিৰিস্তাসকলকেই জাহান্নামৰ তত্ত্বাৱধায়ক বনাইছো; আৰু কাফিৰসকলৰ পৰীক্ষাস্বৰূপ আমি সিহঁতৰ সংখ্যা নিৰ্ধাৰণ কৰিছো যাতে কিতাবপ্ৰাপ্তসকলে দৃঢ় বিশ্বাস কৰে, আৰু মুমিনসকলৰ ঈমান বৃদ্ধি পায় আৰু যাতে কিতাবপ্ৰাপ্তসকলে আৰু মুমিনসকলে সন্দেহ পোষণ নকৰে; আৰু যাতে ইয়াৰ ফলত যিহঁতৰ অন্তৰত ব্যাধি আছে সিহঁতে আৰু কাফিৰসকলে কয়, আল্লাহে এই (সংখ্যাৰ) উদাহৰণ দি কি বুজাব বিচাৰিছে? এনেকৈ আল্লাহে যাক ইচ্ছা পথভ্ৰষ্ট কৰে আৰু যাক ইচ্ছা তাকেই হিদায়ত প্ৰদান কৰে; আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনী সম্পৰ্কে তেওঁৰ বাহিৰে আন কোনোৱে নাজানে; আৰু জাহান্নামৰ এই উদাহৰণ মানুহৰ বাবে এটা উপদেশ মাত্ৰ।
তাফছীৰ
আৰু আমি জাহান্নামৰ ৰক্ষক হিচাপে কেৱল ফিৰিস্তাসকলকেই নিযুক্ত কৰিছোঁ। যাৰ সৈতে প্ৰতিদ্বন্দিতা কৰাৰ ক্ষমতা মানুহৰ নাই। আৰু আমি তেওঁলোকৰ এই সংখ্যা কেৱল আল্লাহক অস্বীকাৰ কৰা লোকসকলক পৰীক্ষা কৰিবলৈহে নিৰ্ধাৰণ কৰিছোঁ। যাতে সিহঁতে এনেকুৱা কথা কৈ থাকে আৰু সিহঁতৰ শাস্তি বৃদ্ধি হৈ থাকে। আৰু ইহুদীসকল, যিসকলক তাওৰাত দিয়া হৈছিল আৰু খৃষ্টানসকল যিসকলক ইঞ্জিল দিয়া হৈছিল, কোৰআনৰ জৰিয়তে যাতে সিহঁতৰ কিতাপসমূহৰ সত্যতাৰ প্ৰতি বিশ্বাস আহে। আৰু ইহুদী, খৃষ্টানসকলৰ সহমতৰ পিছত মুমিনসকলৰ বিশ্বাস আৰু বৃদ্ধি হয়। আৰু ইহুদী, খৃষ্টান আৰু মুমিনসকলে যাতে কোনো সন্দেহত লিপ্ত নহয়। আৰু যাতে কাফিৰ আৰু মুৰতাদ বিলাকে কয়ঃ আল্লাহ এই বিচিত্ৰ সংখ্যাৰে ( ঊনৈশ) কি বুজাব বিচাৰিছে?। যিদৰে এই সংখ্যাৰে অস্বীকাৰকাৰী বিলাকক পথভ্ৰষ্ট কৰা হৈছে আৰু ইয়াৰ স্বীকাৰকাৰীসকলক হিদায়ত দিয়া হৈছে, তেনেদৰে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰে। আৰু যাক হিদায়ত দিব বিচাৰে তাক হিদায়ত দিয়ে। আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনীৰ সংখ্যা তেওঁৰ বাহিৰে আন কোনেও নাজানে। আৰু জাহান্নাম হৈছে মানুহৰ বাবে শিক্ষা-সামগ্ৰী বিষয়, যাৰ পৰা সিহঁতে আল্লাহৰ মহানতাৰ অনুমান কৰিব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক