ছূৰা 71 · জুজ 29
Nuh · 71:3
أَنِ اعْبُدُوا اللَّهَ وَاتَّقُوهُ وَأَطِيعُونِ
‘এই বিষয়ে যে, তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু মোৰ আনুগত্য কৰা;
তাফছীৰ
আৰু এই কাৰণেই মই তোমালোকক কৈ আছো, একমাত্ৰ আল্লাহৰ ইবাদত কৰা আৰু তেওঁৰ লগত কাকো অংশীদাৰ নকৰিবা। এতেকে তোমালোকে তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। আৰু মই তোমালোকক যি আদেশ কৰো সেয়া পালন কৰা।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক