ছূৰা 71 · জুজ 29

Nuh · 71:25

مِمَّا خَطِيئَاتِهِمْ أُغْرِقُوا فَأُدْخِلُوا نَارًا فَلَمْ يَجِدُوا لَهُمْ مِنْ دُونِ اللَّهِ أَنْصَارًا

সিহঁতৰ অপৰাধৰ বাবে সিহঁতক ডুবাই দিয়া হ’ল তাৰ পিছত সিহঁতক জুইত প্ৰৱেশ কৰোৱা হ’ল, এতেকে সিহঁতে আল্লাহৰ বাহিৰে আন কাকো সহায়কাৰী হিচাপে পোৱা নাছিল।

তাফছীৰ

সিহঁতে যিবোৰ পাপ কৰিছিল তাৰ কাৰণে সিহঁতক পৃথিৱীত ধুমুহাৰ জৰিয়তে ডুবাই দিয়া হৈছে। আৰু মৃত্যুৰ পিছতেই সিহঁতক অগ্নিত নিক্ষেপ কৰা হৈছে। এতেকে তাৰ পিছত সিহঁতে আল্লাহৰ বাহিৰে কাকো সহায়ক হিচাপে পোৱা নাছিল, যিয়ে সিহঁতক ডুবাৰ পৰা আৰু জাহান্নামৰ পৰা ৰক্ষা কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক