ছূৰা 71 · জুজ 29

Nuh · 71:21

قَالَ نُوحٌ رَبِّ إِنَّهُمْ عَصَوْنِي وَاتَّبَعُوا مَنْ لَمْ يَزِدْهُ مَالُهُ وَوَلَدُهُ إِلَّا خَسَارًا

নুহে ক’লে, ‘হে মোৰ প্ৰতিপালক! সিহঁতে মোক অমান্য কৰিছে আৰু এনে লোকৰ অনুসৰণ কৰিছে যাৰ ধন-সম্পদ আৰু সন্তান-সন্ততিয়ে কেৱল তাৰ ক্ষতিহে বৃদ্ধি কৰিছে’।

তাফছীৰ

নূহ আলাইহিছ ছালামে কলেঃ হে মোৰ প্ৰতিপালক! মোৰ সম্প্ৰদায়ে মোক অমান্য কৰিছে লগতে তোমাৰ তাওহীদ আৰু তোমাৰ ইবাদত কৰাৰ আদেশকো অমান্য কৰিছে আৰু সিহঁতৰ নিম্ন স্তৰৰ লোকসকলে নিজৰ নেতাসকলৰ কথা মানিছে। যিসকলক তুমি ধন-সম্পদ, সন্তান-সন্ততি প্ৰদান কৰিছা। অথচ তোমাৰ এই উপকাৰে সিহঁতৰ পথভ্ৰষ্টতাক বৃদ্ধি কৰাৰ কাম কৰিছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক