ছূৰা 71 · জুজ 29
Nuh · 71:1
إِنَّا أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ أَنْ أَنْذِرْ قَوْمَكَ مِنْ قَبْلِ أَنْ يَأْتِيَهُمْ عَذَابٌ أَلِيمٌ
নিশ্চয় আমি নূহক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি এই নিৰ্দেশসহ প্ৰেৰণ কৰিছিলো যে, ‘সিহঁতৰ ওচৰত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বে তুমি সিহঁতক সতৰ্ক কৰি দিয়া’।
তাফছীৰ
আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰিছিলো যাতে তেওঁ মানুহক আল্লাহৰ ফালে আহ্বান কৰে। শ্বিৰ্কৰ ফলত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তেওঁ যেন সিহঁতক সতৰ্ক কৰি দিয়ে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক