ছূৰা 68 · জুজ 29

Al-Qalam · 68:7

إِنَّ رَبَّكَ هُوَ أَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِيلِهِ وَهُوَ أَعْلَمُ بِالْمُهْتَدِينَ

নিশ্চয় তোমাৰ প্ৰতিপালক সম্যক অৱগত সিহঁতৰ বিষয়ে যিহঁতে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে, আৰু তেওঁ হিদায়ত প্ৰাপ্তসকলৰ বিষয়েও সম্যক পৰিজ্ঞাত।

তাফছীৰ

হে ৰাছুল, নিশ্চয় আপোনাৰ প্ৰতিপালকে জানে যে কোনে তেওঁৰ পথৰ পৰা বিচ্যুত হৈছে। লগতে তেওঁ সেই সকল লোকৰ বিষয়েও সম্যক অৱগত যিসকল সঠিক পথত আছে । সেয়েহে তেওঁ জানে যে, কোনসকল লোক তাৰ পৰা বিচ্যুত হৈছে আৰু আপুনি সেই সঠিক পথৰ ওপৰত অবিচল আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক