ছূৰা 68 · জুজ 29

Al-Qalam · 68:51

وَإِنْ يَكَادُ الَّذِينَ كَفَرُوا لَيُزْلِقُونَكَ بِأَبْصَارِهِمْ لَمَّا سَمِعُوا الذِّكْرَ وَيَقُولُونَ إِنَّهُ لَمَجْنُونٌ

আৰু কাফিৰসকলে যেতিয়া উপদেশবাণী (কোৰআন) শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে তোমাৰ ফালে চায় যেনিবা তোমাক বাগৰাই দিব, আৰু সিহঁতে কয়, ‘নিশ্চয় এওঁ এজন উন্মাদ (বলিয়া)’।

তাফছীৰ

কাফিৰসকল আৰু আল্লাহৰ ৰাছুলক অস্বীকাৰকাৰী সকলে যেতিয়া আপোনাৰ প্ৰতি অৱতীৰ্ণ কুৰআন শুনে তেতিয়া সিহঁতে এনেকুৱা দৃষ্টিৰে আপোনাৰ ফালে চায় যেনিবা আপোনাক বাগৰাই দিব। আৰু সিহঁতে নিজৰ আকাংক্ষাৰ পিছত দৌৰি আৰু সত্যৰ পৰা মুখ ওভতাই কয়ঃ এই কোৰআন আনা ৰাছুল পাগলহে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক