ছূৰা 68 · জুজ 29
Al-Qalam · 68:48
فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُنْ كَصَاحِبِ الْحُوتِ إِذْ نَادَىٰ وَهُوَ مَكْظُومٌ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।
তাফছীৰ
হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ আদেশমৰ্মে সিহঁতক ঢিল আৰু সুযোগ দিয়া সম্পৰ্কে ধৰ্য ধাৰণ কৰক। আৰু মাছৰ গৰাকী ইউনুছ আলাইহিছ ছালামৰ দৰে নিজৰ সম্প্ৰদায়ৰ প্ৰতি ক্ৰোধান্বিত হৈ নাযাব। যেতিয়া তেখেতে সমূদ্ৰৰ অন্ধকাৰত আৰু মাছৰ পেটৰ অন্ধকাৰত চিন্তিত আৰু দুখৰ সময়ত তেখেতৰ প্ৰতিপালকক মাতিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক