ছূৰা 68 · জুজ 29
Al-Qalam · 68:44
فَذَرْنِي وَمَنْ يُكَذِّبُ بِهَٰذَا الْحَدِيثِ ۖ سَنَسْتَدْرِجُهُمْ مِنْ حَيْثُ لَا يَعْلَمُونَ
এতেক এৰি দিয়া মোক আৰু সিহঁতক যিসকলে এই বাণী প্ৰত্যাখ্যান কৰে। আমি সিহঁতক লাহে লাহে এনেকৈ ধৰিম যে, সিহঁতে গমেই নাপাব।
তাফছীৰ
এতেকে হে ৰাছুল, আপুনি মোক আৰু তাক এৰি দিয়ক, যিয়ে আপোনাৰ প্ৰতি অৱতীৰ্ণ হোৱা এই কোৰআনক অস্বীকাৰ কৰে। আমি সিহঁতক লাহে লাহে এনেদৰে শাস্তিৰ ফালে টানি আনিম সিহঁতে গমেই নাপাব যে সিহঁতক ঢিল দিয়া হৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক