ছূৰা 68 · জুজ 29

Al-Qalam · 68:17

إِنَّا بَلَوْنَاهُمْ كَمَا بَلَوْنَا أَصْحَابَ الْجَنَّةِ إِذْ أَقْسَمُوا لَيَصْرِمُنَّهَا مُصْبِحِينَ

নিশ্চয় আমি ইহঁতক পৰীক্ষা কৰিছো, যেনেকৈ পৰীক্ষা কৰিছিলো উদ্যান-অধিপতিসকলক, যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব।

তাফছীৰ

আমি এই মুশ্বৰিকবিলাকক ভোক আৰু অভাৱ- অনাটনৰ জৰিয়তে পৰীক্ষা কৰিছিলো যিদৰে উদ্যান অধিপতিসকলক পৰীক্ষা কৰিছিলো। যেতিয়া সিহঁতে শপত কৰিছিল যে, অৱশ্যে ৰাতিপুৱাই সিহঁতে বাগানৰ ফল আহৰণ কৰিব, যাতে কোনো দুখীয়া আৰু নিৰ্ধন ব্যক্তিক কিছু দিব নালাগে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক