ছূৰা 67 · জুজ 29

Al-Mulk · 67:9

قَالُوا بَلَىٰ قَدْ جَاءَنَا نَذِيرٌ فَكَذَّبْنَا وَقُلْنَا مَا نَزَّلَ اللَّهُ مِنْ شَيْءٍ إِنْ أَنْتُمْ إِلَّا فِي ضَلَالٍ كَبِيرٍ

সিহঁতে ক'ব হয়, 'নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি (তেওঁলোকক) মিথ্যাৰোপ কৰিছিলো আৰু কৈছিলো, ‘আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই। তোমালোকে মহাবিভ্ৰান্তিত আছা’।

তাফছীৰ

আৰু কাফিৰ বিলাকে কবঃ কিয় নহয়, আমাৰ ওচৰত ৰাছুল আহিছিল। যিয়ে আমাক আল্লাহৰ শাস্তিৰ ভয় প্ৰদৰ্শন কৰাইছিল। কিন্তু আমি তাক অস্বীকাৰ কৰিছিলো আৰু তাক কৈছিলোঃ আল্লাহ তাআলাই কোনো প্ৰত্যাদেশ (অহী) অৱতীৰ্ণ কৰা নাই। হে ৰাছুল, তুমি সত্যৰ পৰা বহুত দূৰত আছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক