ছূৰা 67 · জুজ 29
Al-Mulk · 67:23
قُلْ هُوَ الَّذِي أَنْشَأَكُمْ وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ ۖ قَلِيلًا مَا تَشْكُرُونَ
কোৱা, তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণ আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে। তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা।
তাফছীৰ
হে ৰাছুল, এই অস্বীকাৰকাৰী মুশ্বৰিক সকলক কৈ দিয়কঃ তেৱেঁই তোমালোকক সৃষ্টি কৰিছে আৰু শুনিবলৈ কাণ দিছে, দেখিবলৈ চকু দিছে আৰু বুজিবলৈ অন্তৰ দিছে। তথাপিও তোমালোকে আল্লাহৰ পক্ষৰ পৰা পোৱা অনুগ্ৰহ বা অৱদানবোৰৰ কৃতজ্ঞতা পালন নকৰা কিয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক