ছূৰা 65 · জুজ 28
At-Talaq · 65:1
يَا أَيُّهَا النَّبِيُّ إِذَا طَلَّقْتُمُ النِّسَاءَ فَطَلِّقُوهُنَّ لِعِدَّتِهِنَّ وَأَحْصُوا الْعِدَّةَ ۖ وَاتَّقُوا اللَّهَ رَبَّكُمْ ۖ لَا تُخْرِجُوهُنَّ مِنْ بُيُوتِهِنَّ وَلَا يَخْرُجْنَ إِلَّا أَنْ يَأْتِينَ بِفَاحِشَةٍ مُبَيِّنَةٍ ۚ وَتِلْكَ حُدُودُ اللَّهِ ۚ وَمَنْ يَتَعَدَّ حُدُودَ اللَّهِ فَقَدْ ظَلَمَ نَفْسَهُ ۚ لَا تَدْرِي لَعَلَّ اللَّهَ يُحْدِثُ بَعْدَ ذَٰلِكَ أَمْرًا
হে নবী (কোৱা), তোমালোকে যেতিয়া স্ত্ৰীসকলক তালাক দিবা, তেতিয়া সিহঁতক সিহঁতৰ ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি তালাক দিবা আৰু তোমালোকে ইদ্দতৰ হিচাপ ৰাখিবা; আৰু তোমালোকৰ প্ৰতিপালক আল্লাহৰ তাক্বৱা অৱলম্বন কৰা। তোমালোকে সিহঁতক সিহঁতৰ ঘৰৰ পৰা বহিষ্কাৰ নকৰিবা আৰু সিহঁত নিজেও বাহিৰ নহ’ব, যদি সিহঁতে কোনো স্পষ্ট অশ্লিলতাত লিপ্ত নহয়। এইবোৰ আল্লাহৰ নিৰ্ধাৰিত সীমাৰেখা; আৰু যিয়ে আল্লাহৰ সীমাৰেখা লঙ্ঘন কৰে সি নিজৰ ওপৰত অত্যাচাৰ কৰে। তুমি নাজানা, সম্ভৱত আল্লাহে ইয়াৰ পিছত কোনো উপায় উদ্ভাৱন কৰি দিব।
তাফছীৰ
হে নবী! যেতিয়া আপুনি অথবা আপোনাৰ উম্মতৰ কোনোবাই নিজৰ স্ত্ৰীক তালাক দিব বিচাৰে, তেতিয়া তেওঁ নিজৰ স্ত্ৰীক ইদ্দতৰ আৰম্ভণিত তালাক দিয়া উচিত। অৰ্থাৎ তালাক এনেকুৱা তুহৰত (ঋতুস্ৰাৱ শেষ হোৱাৰ পিছৰ অৱস্থাত) দিয়া উচিত, যিটো অৱস্থাত স্বামীয়ে স্ত্ৰীৰ লগত সহবাস কৰা নাই। আৰু ইদ্দতৰ দিনবোৰ গণি ৰাখিবা, যাতে যদি ঘূৰাই লব বিচৰা তেন্তে সেই সময়ছোৱাত ওভোতাই লব পাৰিবা। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা, আৰু ইদ্দত সম্পূৰ্ণ নোহোৱালৈকে তালাকপ্ৰাপ্তা স্ত্ৰীক বসবাস কৰা ঘৰৰ পৰা উলিয়াই নিদিবা, আৰু সিহঁত নিজেও যাতে ওলাই নাযায়। কিন্তু যদি প্ৰকাশ্য ব্যভিচাৰত লিপ্ত হয় তেন্তে সুকীয়া কথা (এনে পৰিস্থিত বহিষ্কাৰ কৰাই উত্তম)। এইবোৰ বিধান হৈছে দৰাচলতে আল্লাহে বান্ধি দিয়া সীমা, যিটো তেওঁ বান্দাসকলৰ বাবে নিৰ্ধাৰণ কৰিছে। যিয়ে আল্লাহে বান্ধি দিয়া সীমা অতিক্ৰম কৰিব, সি দৰাচলতে নিজৰ ওপৰতেই অন্যায় কৰিব। অৰ্থাৎ নিজ প্ৰতিপালকৰ অবাধ্যতা কৰি নিজকে ধ্বংসৰ পথত ঠেলি দিব। হে তালাক প্ৰদানকাৰী! তুমি হয়তো নাজানা, সম্ভৱতঃ আল্লাহে এই তালাকৰ পিছত এনেকুৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত তেওঁ স্ত্ৰীক আকৌ ওভোতাই লব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক