ছূৰা 63 · জুজ 28
Al-Munafiqun · 63:3
ذَٰلِكَ بِأَنَّهُمْ آمَنُوا ثُمَّ كَفَرُوا فَطُبِعَ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَفْقَهُونَ
এয়া এই বাবেই যে, সিহঁতে ঈমান আনাৰ পিছত কুফৰী কৰিছে। ফলত সিহঁতৰ অন্তৰত মোহৰ মাৰি দিয়া হৈছে; সেয়ে সিহঁত নুবুজা হৈছে।
তাফছীৰ
ইয়াৰ কাৰণ হৈছে, সিহঁতে মানুহক দেখুৱাবলৈ ঈমান আনিছে আৰু সিহঁতৰ অন্তৰত ঈমান ঢুকি পোৱা নাই। তাৰ পিছত গোপনীয়তাৰে আল্লাহৰ লগত কুফুৰী কৰিছে। সেয়েহে আল্লাহে সিহঁতৰ কুফুৰীৰ কাৰণে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। গতিকে এতিয়া সিহঁতৰ অন্তৰত ঈমান সোমাব নোৱাৰে। এই মোহৰ লগাৰ কাৰণে সিহঁতে বুজিব নোৱাৰে যে, কোনটোত সিহঁতৰ বাবে কল্যাণ আছে তথা হিদায়ত আছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক