ছূৰা 61 · জুজ 28
As-Saff · 61:1
سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَمَا فِي الْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আকাশমণ্ডলত যি যি আছে আৰু পৃথিৱীত যি যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ প্ৰবলপৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
আকাশমণ্ডল আৰু পৃথিৱীৰ মাজত যি আছে সকলোৱে আল্লাহক সেইবোৰ বস্তুৰ পৰা পাক তথা পৱিত্ৰতা ঘোষণা কৰে, যিবোৰ তেওঁৰ উপযুক্ত নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। তেওঁ ৰচনাত, নিৰ্ণয় আৰু চৰীয়ত প্ৰণয়নত প্ৰজ্ঞাময়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক