ছূৰা 60 · জুজ 28
Al-Mumtahanah · 60:2
إِنْ يَثْقَفُوكُمْ يَكُونُوا لَكُمْ أَعْدَاءً وَيَبْسُطُوا إِلَيْكُمْ أَيْدِيَهُمْ وَأَلْسِنَتَهُمْ بِالسُّوءِ وَوَدُّوا لَوْ تَكْفُرُونَ
সিহঁতে যদি তোমালোকৰ ওপৰত প্ৰধান্য লাভ কৰে তেন্তে সিহঁত তোমালোকৰ শত্ৰু হ’ব লগতে হাত আৰু জিভাৰ দ্বাৰা তোমালোকক অনিষ্ট সাধন কৰিব, আৰু সিহঁতে কামনা কৰে যদি তোমালোকে কুফৰী কৰিলাহেঁতেন!
তাফছীৰ
যদি সিহঁতে তোমালোকক পাবলৈ সফল হৈ যায় তেন্তে সিহঁতে সেই শত্ৰুতাৰ বহিঃপ্ৰকাশ কৰিব যিটো সিহঁতৰ অন্তৰত লুকাই আছে। আৰু সিহঁতে তোমালোকক কষ্ট দিবলৈ তথা মাৰপিট কৰিবলৈ সিহঁতৰ হাত আগবঢ়াব, লগতে গালি-শপনি পাৰিবলৈ নিজৰ মুখ লাগামহীনভাৱে এৰি দিব। আৰু সিহঁতে এই কথাৰ কামনা কৰে যে, যদি তোমালোকেও আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰি সিহঁতৰ দৰে হৈ গলাহেঁতেন।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক