ছূৰা 6 · জুজ 7
Al-An'am · 6:84
وَوَهَبْنَا لَهُ إِسْحَاقَ وَيَعْقُوبَ ۚ كُلًّا هَدَيْنَا ۚ وَنُوحًا هَدَيْنَا مِنْ قَبْلُ ۖ وَمِنْ ذُرِّيَّتِهِ دَاوُودَ وَسُلَيْمَانَ وَأَيُّوبَ وَيُوسُفَ وَمُوسَىٰ وَهَارُونَ ۚ وَكَذَٰلِكَ نَجْزِي الْمُحْسِنِينَ
আৰু আমি তেওঁক দান কৰিছিলো ইছহাক্ব আৰু ইয়াকূব, এওঁলোকৰ প্ৰত্যেককে হিদায়ত দিছিলো; ইয়াৰ পূৰ্বে নুহকো আমি হিদায়ত দিছিলো আৰু তেওঁৰ বংশধৰ দাউদ, ছুলাইমান, আইউব, ইউছুফ, মুছা আৰু হাৰূনকো; এইদৰেই আমি মুহছিনসকলক পুৰষ্কৃত কৰো;
তাফছীৰ
আৰু আমি ইব্ৰাহীমক সন্তানৰূপে ইছহাক তথা নাতিৰূপে ইয়াকূব প্ৰদান কৰিছিলো আৰু উভয়কে পোন পথৰ তাওফীক প্ৰদান কৰিছিলো। তেওঁলোকৰ পূৰ্বে নূহক আৰু তেওঁৰ বংশধৰ দাঊদ, তেওঁৰ পুত্ৰ ছুলাইমান, আয়্যুব. ইউছুফ. মুছা তথা তেওঁৰ ভাতৃ হাৰূন আলাইহিমুছ ছালামকো পোন পথত চলাৰ তাওফীক প্ৰদান কৰিছিলো। যিদৰে আমি নবীসকলক তেওঁলোকৰ এহছানৰ বিনিময় দিছো, সেইদৰে আমি আন আন এহছানকাৰী সকলকো প্ৰতিদান প্ৰদান কৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক