ছূৰা 6 · জুজ 7
Al-An'am · 6:54
وَإِذَا جَاءَكَ الَّذِينَ يُؤْمِنُونَ بِآيَاتِنَا فَقُلْ سَلَامٌ عَلَيْكُمْ ۖ كَتَبَ رَبُّكُمْ عَلَىٰ نَفْسِهِ الرَّحْمَةَ ۖ أَنَّهُ مَنْ عَمِلَ مِنْكُمْ سُوءًا بِجَهَالَةٍ ثُمَّ تَابَ مِنْ بَعْدِهِ وَأَصْلَحَ فَأَنَّهُ غَفُورٌ رَحِيمٌ
আৰু যিসকলে আমাৰ আয়াতসমূহৰ প্ৰতি ঈমান পোষণ কৰে, সিহঁতে যেতিয়া তোমাৰ ওচৰত আহে তেতিয়া সিহঁতক তুমি কোৱা, ‘তোমালোকৰ প্ৰতি শান্তি বৰ্ষিত হওঁক’, তোমালোকৰ প্ৰতিপালকে তেওঁৰ নিজৰ ওপৰত দয়া ধাৰ্য্য কৰি লৈছে। তোমালোকৰ মাজৰ কোনোবাই যদি অজ্ঞতাবশত অসৎকৰ্ম কৰে, তাৰ পিছত তাওবা কৰে আৰু নিজকে সংশোধন কৰে, তেন্তে নিশ্চয় তেওঁ (আল্লাহ) ক্ষমাশীল, পৰম দয়ালু।
তাফছীৰ
হে ৰাছুল! যেতিয়া আপোনাৰ ওচৰত সেই সকল লোক আহে, যিসকলে আমাৰ সেই সমূহ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে যিবোৰে আপুনি লৈ অহা বিধানৰ সত্যতাক সমৰ্থন কৰে, তেতিয়া তেওঁলোকৰ সন্মানাৰ্থে তেওঁলোকৰ ছালামৰ উত্তৰ দিয়ক, লগতে তেওঁলোকক আল্লাহৰ ৰহমতৰ প্ৰশস্তাৰ শুভসংবাদ দিয়ক। আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত কৃপা কৰাক অনিবাৰ্য কৰি লৈছে। এতেকে যিয়ে অজানিতে কোনো পাপ কৰিব, তাৰ পিছত তাওবা কৰিব আৰু নিজৰ কৰ্মক সংশোধন কৰিব, আল্লাহে নিশ্চয় তেওঁক ক্ষমা কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক