ছূৰা 6 · জুজ 7
Al-An'am · 6:42
وَلَقَدْ أَرْسَلْنَا إِلَىٰ أُمَمٍ مِنْ قَبْلِكَ فَأَخَذْنَاهُمْ بِالْبَأْسَاءِ وَالضَّرَّاءِ لَعَلَّهُمْ يَتَضَرَّعُونَ
নিশ্চয় আমি তোমাৰ পূৰ্বে বহুতো জাতিৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছো, তাৰ পিছত সিহঁতক অৰ্থসংকট আৰু দুখ-কষ্টত পতিত কৰিছো, যাতে সিহঁতে অনুনয় বিনয় কৰে।
তাফছীৰ
হে ৰাছুল! আপোনাৰ পূৰ্বেও আমি বহুতো সম্প্ৰদায়ৰ ওচৰত ৰাছুল প্ৰেৰণ কৰিছিলো, সিহঁতেও তেওঁলোকক অস্বীকাৰ কৰিছিল আৰু তেওঁলোকে যি লৈ আহিছিল তাৰ পৰা সিহঁতে বিমুখ হৈছিল, ফলত আমি সিহঁতক বিপদৰ সন্মুখীন কৰিছিলো, যেনে দৰিদ্ৰতা আৰু হানীকাৰক বেমাৰ, যাতে সিহঁতে নিজ প্ৰতিপালকৰ ওচৰত নত হয় আৰু বিনীত হয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক