ছূৰা 6 · জুজ 7
Al-An'am · 6:33
قَدْ نَعْلَمُ إِنَّهُ لَيَحْزُنُكَ الَّذِي يَقُولُونَ ۖ فَإِنَّهُمْ لَا يُكَذِّبُونَكَ وَلَٰكِنَّ الظَّالِمِينَ بِآيَاتِ اللَّهِ يَجْحَدُونَ
আমি নিশ্চয় জানো যে, সিহঁতে যি কয় সেয়া তোমাক কষ্ট দিয়ে; কিন্তু সিহঁতে তোমাৰ প্ৰতি মিথ্যাৰোপ নকৰে, বৰং যালিমসকলে আল্লাহৰ আয়াতসমূহকহে অস্বীকাৰ কৰে।
তাফছীৰ
হে ৰাছুল! আমি জানো সিহঁতৰ প্ৰকাশ্য অবাধ্যতাৰ ফলত আপোনাৰ অন্তৰত দুখ লাগে। আপুনি জানি থওঁক! সিহঁতে আপোনাক অন্তৰেৰে মিছা প্ৰতিপন্ন নকৰে, কিয়নো সিহঁতে আপোনাৰ সত্যতা তথা আমানত সম্পৰ্কে জানে। কিন্তু সিহঁত হৈছে অন্যায়কাৰী, প্ৰকাশ্যভাৱে সিহঁতে আপোনাক মিছা প্ৰতিপন্ন কৰে কিন্তু অন্তৰেৰে আপোনাক সত্য বুলি মানি লয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক