ছূৰা 6 · জুজ 7

Al-An'am · 6:19

قُلْ أَيُّ شَيْءٍ أَكْبَرُ شَهَادَةً ۖ قُلِ اللَّهُ ۖ شَهِيدٌ بَيْنِي وَبَيْنَكُمْ ۚ وَأُوحِيَ إِلَيَّ هَٰذَا الْقُرْآنُ لِأُنْذِرَكُمْ بِهِ وَمَنْ بَلَغَ ۚ أَئِنَّكُمْ لَتَشْهَدُونَ أَنَّ مَعَ اللَّهِ آلِهَةً أُخْرَىٰ ۚ قُلْ لَا أَشْهَدُ ۚ قُلْ إِنَّمَا هُوَ إِلَٰهٌ وَاحِدٌ وَإِنَّنِي بَرِيءٌ مِمَّا تُشْرِكُونَ

কোৱা, ‘কোনটো বস্তু আটাইতকৈ ডাঙৰ সাক্ষী’? কোৱা, ‘আল্লাহ, মোৰ আৰু তোমালোকৰ মাজত সাক্ষ্যদাতা, আৰু এই কোৰআন মোৰ ওচৰত অহী কৰা হৈছে যাতে তোমালোকক আৰু যাৰ ওচৰলৈকে ই গৈ পাব সিহঁতক ইয়াৰ দ্বাৰা সতৰ্ক কৰিব পাৰো। তোমালোকে এই সাক্ষী বহন কৰা নেকি যে, আল্লাহৰ লগত আন কোনোবা ইলাহ আছে’? কোৱা, ‘মই এই সাক্ষ্য নিদিওঁ’। কোৱা, ‘তেৱেঁই হৈছে একমাত্ৰ প্ৰকৃত ইলাহ আৰু তোমালোকে যি অংশীদাৰ স্থাপন কৰা তাৰ পৰা মই নিশ্চয় বিমুক্ত’।

তাফছীৰ

হে ৰাছুল! সেই সকল মুশ্বৰিকক কৈ দিয়ক, যিসকলে আপোনাক অস্বীকাৰ কৰেঃ মোৰ সত্যতাৰ আটাইতকৈ ডাঙৰ সাক্ষ্যজন কোন জানানে, আপুনিয়ে কৈ দিয়ক যে, তোমালোকৰ আৰু মোৰ মাজত আটাইতকৈ ডাঙৰ সাক্ষ্যজন হৈছে আল্লাহ তাআলা। মই তোমালোকৰ ওচৰত কি লৈ আহিছো সেয়া তেওঁ জানে, আৰু তোমালোকে কি দৰে সঁহাৰি জনাবা সেইটোও তেওঁ জানে। আল্লাহে অহীৰ দ্বাৰা মোক এই কোৰআন প্ৰদান কৰিছে, যাতে মই ইয়াৰ দ্বাৰা তোমালোকক আৰু সেই সকলো মানৱ আৰু জিনক সতৰ্ক কৰি দিব পাৰো, যাৰ ওচৰত এই কোৰআন গৈ পাব। হে মুশ্বৰিকসকল! তোমালোকে বিশ্বাস পোষণ কৰা নেকি যে, আল্লাহৰ বাহিৰেও কোনোবা উপাস্য আছে? হে ৰাছুল! আপুনি কৈ দিয়ক, তোমালোকে যিটো বিশ্বাস কৰা সেইটোক মই বিশ্বাস নকৰো, কাৰণ সেয়া হৈছে বাতিল। উপাস্য একমাত্ৰ আল্লাহ, তেওঁৰ কোনো অংশীদাৰ নাই। লগতে মই সেই সকলোবোৰ প্ৰত্যাখ্যান কৰো যিবোৰক তোমালোকে তেওঁৰ লগত অংশী কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক