ছূৰা 6 · জুজ 8

Al-An'am · 6:142

وَمِنَ الْأَنْعَامِ حَمُولَةً وَفَرْشًا ۚ كُلُوا مِمَّا رَزَقَكُمُ اللَّهُ وَلَا تَتَّبِعُوا خُطُوَاتِ الشَّيْطَانِ ۚ إِنَّهُ لَكُمْ عَدُوٌّ مُبِينٌ

আৰু (তেৱেঁই) চতুষ্পদ জন্তুৰ মাজত কিছুমানক ভাৰ বহনকাৰী আৰু কিছুমানক ক্ষুদ্ৰাকাৰ পশু সৃষ্টি কৰিছে। আল্লাহে তোমালোকক যি জীৱিকা প্ৰদান কৰিছে তাৰ পৰা খোৱা আৰু চয়তানৰ পদাংক অনুসৰণ নকৰিবা; নিশ্চয় সি তোমালোকৰ প্ৰকাশ্য শত্ৰু।

তাফছীৰ

তেৱেঁই এনেকুৱা জীৱ-জন্তু সৃষ্টি কৰিছে, যিবোৰৰ পিঠিত বোজা বহন কৰা যায়। যেনেঃ ডাঙৰ উঁট। আৰু এনেকুৱাও জীৱ-জন্তু সৃষ্টি কৰিছে যিবোৰৰ পিঠীত বোজা বহন কৰা সম্ভৱ নহয়, যেনেঃ পোৱালী উট, ছাগলী আদি। হে মানৱজাতি! আল্লাহে প্ৰদান কৰা এইবোৰ জন্তুৰ মাজৰ যিবোৰ হালাল সেইবোৰ তোমালোকে ভক্ষণ কৰা, লগতে হালাল বস্তুক হাৰাম আৰু হাৰাম বস্তুক হালাল কৰাৰ ক্ষেত্ৰত তোমালোকে চয়তানৰ পদাঙ্ক অনুসৰণ নকৰিবা, যিদৰে মুশ্বৰিকসকলে কৰে। নিশ্চয় চয়তান তোমালোকৰ প্ৰকাশ্য শত্ৰু, সি বিচাৰে তোমালোকে এনেকুৱা কাম কৰি আল্লাহৰ অবাধ্যতা কৰা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক