ছূৰা 6 · জুজ 8
Al-An'am · 6:127
۞ لَهُمْ دَارُ السَّلَامِ عِنْدَ رَبِّهِمْ ۖ وَهُوَ وَلِيُّهُمْ بِمَا كَانُوا يَعْمَلُونَ
তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে শান্তিৰ আবাস আৰু তেওঁলোকে যি আমল কৰিছিল, তাৰ বাবে তেৱেঁই তেওঁলোকৰ অভিভাৱক।
তাফছীৰ
তেওঁলোকৰ বাবে আছে এনেকুৱা এটা ঘৰ, য’ত তেওঁলোকে সকলো অপ্ৰিয় বস্তুৰ পৰা দূৰত থাকিব। সেই ঘৰ হৈছে জান্নাত। তেওঁলোকে কৰা সত্কৰ্মৰ বিনিময়ত স্বয়ং আল্লাহেই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক হ'ব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক