ছূৰা 6 · জুজ 8

Al-An'am · 6:121

وَلَا تَأْكُلُوا مِمَّا لَمْ يُذْكَرِ اسْمُ اللَّهِ عَلَيْهِ وَإِنَّهُ لَفِسْقٌ ۗ وَإِنَّ الشَّيَاطِينَ لَيُوحُونَ إِلَىٰ أَوْلِيَائِهِمْ لِيُجَادِلُوكُمْ ۖ وَإِنْ أَطَعْتُمُوهُمْ إِنَّكُمْ لَمُشْرِكُونَ

আৰু যিটোৰ (জন্তুৰ) ওপৰত আল্লাহৰ নাম লোৱা হোৱা নাই তাৰ (মাংসৰ) পৰা তোমালোকে একো নাখাবা; আৰু নিশ্চয় সেয়া গৰ্হিত। নিশ্চয় চয়তানসকলে সিহঁতৰ বন্ধুসকলক তোমালোকৰ লগত বিবাদ কৰিবলৈ প্ৰৰোচনা দিয়ে; আৰু যদি তোমালোকে সিহঁতৰ আনুগত্য কৰা, তেন্তে তোমালোকে অৱশ্যে মুশ্বৰিক।

তাফছীৰ

হে মুছলিমসকল! তোমালোকে সেইবোৰ জন্তুৰ মাংস ভক্ষণ নকৰিবা যিবোৰ যবেহ কৰাৰ সময়ত আল্লাহৰ নাম লোৱা হোৱা নাই। যদিও বেলেগৰ নাম লোৱা হওঁক বা নহওঁক। এনেকুৱা মাংস ভক্ষণ কৰিলে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হৈ তেওঁৰ অবাধ্যতাত পতিত হয়। প্ৰকৃততে চয়তানে তাৰ সহায়ক সকলৰ অন্তৰত সংশয় সৃষ্টি কৰে, যাতে সিহঁতে তোমালোকৰ লগত মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে তৰ্ক কৰিব পাৰে। হে মুছলিমসকল! মৃত জন্তুৰ মাংস খোৱা সম্পৰ্কে সিহঁতে সৃষ্টি কৰা সংশয়ৰ যদি তোমালোকে অনুসৰণ কৰা তেন্তে তোমালোকেও শ্বিৰ্কত সিহঁতৰ শ্ৰেণীভুক্ত হৈ যাবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক