ছূৰা 59 · জুজ 28

Al-Hashr · 59:8

لِلْفُقَرَاءِ الْمُهَاجِرِينَ الَّذِينَ أُخْرِجُوا مِنْ دِيَارِهِمْ وَأَمْوَالِهِمْ يَبْتَغُونَ فَضْلًا مِنَ اللَّهِ وَرِضْوَانًا وَيَنْصُرُونَ اللَّهَ وَرَسُولَهُ ۚ أُولَٰئِكَ هُمُ الصَّادِقُونَ

এই সম্পদ সেইসকল দৰিদ্ৰ মুহাজীৰৰ বাবে যিসকলক নিজ ঘৰ-বাৰী আৰু সা-সম্পত্তিৰ পৰা বিতাৰিত কৰা হৈছে। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ আৰু সন্তুষ্টিৰ অন্বেষণ কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এওঁলোকেই সত্যবাদী।

তাফছীৰ

আৰু এই ধনৰ কিছু অংশ সেইসকল নিৰ্ধন মুহাজিৰসকলৰ বাবে খৰচ কৰা হ'ব যিসকলক নিজৰ ঘৰ-বাৰী আৰু সন্তান, ধন-সম্পদ এৰিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোকে এই আশাত আছে যে, আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহেৰে পৃথিৱীত জীৱিকা আৰু পৰকালত তেওঁৰ সন্তুষ্টি প্ৰদান কৰিব। তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰি আল্লাহক আৰু তেওঁৰ ৰাছুলক সহায় কৰে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই প্ৰকৃততে পৰিপক্ক আৰু সত্য মুমিন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক