ছূৰা 59 · জুজ 28

Al-Hashr · 59:23

هُوَ اللَّهُ الَّذِي لَا إِلَٰهَ إِلَّا هُوَ الْمَلِكُ الْقُدُّوسُ السَّلَامُ الْمُؤْمِنُ الْمُهَيْمِنُ الْعَزِيزُ الْجَبَّارُ الْمُتَكَبِّرُ ۚ سُبْحَانَ اللَّهِ عَمَّا يُشْرِكُونَ

তেৱেঁই আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তেৱেঁই অধিপতি, মহাপৱিত্ৰ, শান্তিৰ উৎস ত্ৰুটিমুক্ত, নিৰাপত্তাদানকাৰী, ৰক্ষক, মহাপৰাক্ৰমশালী, মহাপ্ৰতাপশালী, অতি মহিমান্বিত। সিহঁতে যি অংশীস্থাপন কৰে তাৰ পৰা আল্লাহ পৱিত্ৰ, মহান।

তাফছীৰ

তেৱেঁই আল্লাহ যাৰ বাহিৰে কোনো সত্য উপাস্য নাই। তেৱেঁই প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে জানে। তেওঁৰ পৰা কোনো কথাই গোপন নহয়। তেওঁ ইহকাল আৰু পৰকালত দয়াবান আৰু কৃপাশীল। তেওঁৰ দয়া সকলো জগতক আৱৰি আছে। তেওঁ বাদশ্বাহ। সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। স্পষ্ট প্ৰমাণৰ জৰিয়তে তেওঁ নিজৰ ৰাছুলক সমৰ্থন কৰে। বান্দাসকলৰ কৰ্মবোৰ তেৱেঁই পৰ্যবেক্ষণ কৰে। তেওঁ প্ৰভুত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ অতি ক্ষমতাৱান।প্ৰত্যেক বস্তুকে তেওঁ নিজৰ ক্ষমতাৰ আওতাদ ৰাখিছে। তেওঁ মৰ্যাদাবান, তেওঁ সেই সকলো অংশীদাৰৰ পৰা পৱিত্ৰ যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ বনাই থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক