ছূৰা 58 · জুজ 28
Al-Mujadila · 58:19
اسْتَحْوَذَ عَلَيْهِمُ الشَّيْطَانُ فَأَنْسَاهُمْ ذِكْرَ اللَّهِ ۚ أُولَٰئِكَ حِزْبُ الشَّيْطَانِ ۚ أَلَا إِنَّ حِزْبَ الشَّيْطَانِ هُمُ الْخَاسِرُونَ
চয়তানে সিহঁতৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে; আৰু সিহঁতক আল্লাহৰ স্মৰণ পাহৰাই দিছে। ইহঁতেই চয়তানৰ দল। নিশ্চয় চয়তানৰ দলেই ক্ষতিগ্ৰস্ত।
তাফছীৰ
চয়তানে সিহঁতক আৱৰি ধৰিছে আৰু সিহঁতক কুমন্ত্ৰণাৰ জৰিয়তে আল্লাহৰ স্মৰণ পাহৰাই দিছে। এই কাৰণেই সিহঁতে আল্লাহক সন্তুষ্ট কৰিব পৰা কোনো কাম কৰা নাই। বৰং আল্লাহক অসন্তুষ্ট কৰা কাম কৰিছে। এইবোৰ বৈশিষ্ট্যৰ গৰাকীসকলেই ইবলিছৰ সৈন্যবাহিনী আৰু তাৰ অনুসাৰী। সাৱধান! নিশ্চয় ইবলিছৰ সেনাসকল আৰু তাৰ অনুসাৰীসকল পৃথিৱীত আৰু আখিৰাতত ক্ষতিগ্ৰস্ত হ'ব। কিয়নো সিহঁতে হিদায়তক পথভ্ৰষ্টতাৰ পৰিৱৰ্তে আৰু জান্নাতক জাহান্নামৰ পৰিৱৰ্তে বিক্ৰি কৰি দিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক