ছূৰা 58 · জুজ 28

Al-Mujadila · 58:11

يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا قِيلَ لَكُمْ تَفَسَّحُوا فِي الْمَجَالِسِ فَافْسَحُوا يَفْسَحِ اللَّهُ لَكُمْ ۖ وَإِذَا قِيلَ انْشُزُوا فَانْشُزُوا يَرْفَعِ اللَّهُ الَّذِينَ آمَنُوا مِنْكُمْ وَالَّذِينَ أُوتُوا الْعِلْمَ دَرَجَاتٍ ۚ وَاللَّهُ بِمَا تَعْمَلُونَ خَبِيرٌ

হে মুমিনসকল! তোমালোকক যেতিয়া কোৱা হয় ‘বৈঠকত স্থান প্ৰশস্ত কৰি দিয়া’ তেতিয়া তোমালোকে স্থান প্ৰশস্ত কৰি দিবা, আল্লাহে তোমালোকৰ বাবে ঠাই প্ৰশস্ত কৰি দিব; আৰু যেতিয়া তোমালোকক কোৱা হয়, ‘উঠা’ তেতিয়া উঠি যাবা। তোমালোকৰ ভিতৰত যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে, আল্লাহে তেওঁলোকক উচ্চ মৰ্যাদা প্ৰদান কৰিব; আৰু তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱহিত।

তাফছীৰ

হে আল্লাহৰ প্ৰতি ঈমান পোষনকাৰী সকল আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী সকল! যেতিয়া তোমালোকক বৈঠকত ঠাই প্ৰসাৰিত কৰিবলৈ কোৱা হয়, তেতিয়া তাত ঠাই প্ৰসাৰিত কৰিবা। আল্লাহে তোমালোকৰ পাৰ্থিৱ জীৱন আৰু পৰকালত প্ৰসাৰতা কৰি দিব। আৰু যেতিয়া তোমালোকক কোৱা হয় যে উঠা, যাতে তাত জ্ঞানী তথা সন্মানিত লোক বহিব পাৰে। তেতিয়া উঠিবা। আল্লাহে তোমালোকৰ মাজৰ সেই সকলৰ মৰ্যদা উচ্চ কৰিব দিব যিসকলে ঈমান আনিছে আৰু যিসকলক জ্ঞান দান কৰা হৈছে। আৰু আল্লাহ তোমালোকৰ কাৰ্য সম্পৰ্কে অৱগত। তেওঁৰ পৰা তোমালোকৰ কোনো কামেই গোপন নহয়। আৰু তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ পৰিণামো প্ৰদান কৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক