ছূৰা 57 · জুজ 27
Al-Hadid · 57:7
آمِنُوا بِاللَّهِ وَرَسُولِهِ وَأَنْفِقُوا مِمَّا جَعَلَكُمْ مُسْتَخْلَفِينَ فِيهِ ۖ فَالَّذِينَ آمَنُوا مِنْكُمْ وَأَنْفَقُوا لَهُمْ أَجْرٌ كَبِيرٌ
তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনা আৰু আল্লাহে তোমালোকক যি সম্পদৰ উত্তৰাধিকাৰী কৰিছে তাৰ পৰা ব্যয় কৰা। এতেকে তোমালোকৰ মাজত যিসকলে ঈমান পোষণ কৰে আৰু (আল্লাহৰ পথত) ব্যয় কৰে তেওঁলোকৰ বাবে আছে মহাপুৰষ্কাৰ।
তাফছীৰ
তোমালোকে আল্লাহৰ ওপৰত ঈমান পোষণ কৰা আৰু তেওঁৰ ৰাছুলৰ ওপৰত ঈমান পোষণ কৰা। আল্লাহে তোমালোকক যিবোৰ সম্পদৰ প্ৰতিনিধি বনাইছে সেইবোৰ তোমালোকে তেওঁৰ বিধান অনুযায়ী ব্যয় কৰা। দৰাচলতে তোমালোকৰ মাজৰ যিসকলে আল্লাহৰ ওপৰত ঈমান আনিছে আৰু নিজৰ সম্পদ আল্লাহৰ পথত ব্যয় কৰিছে তেওঁলোকৰ বাবে তেওঁৰ ওচৰত আছে মহা প্ৰতিদান তথা জান্নাত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক