ছূৰা 57 · জুজ 27
Al-Hadid · 57:18
إِنَّ الْمُصَّدِّقِينَ وَالْمُصَّدِّقَاتِ وَأَقْرَضُوا اللَّهَ قَرْضًا حَسَنًا يُضَاعَفُ لَهُمْ وَلَهُمْ أَجْرٌ كَرِيمٌ
নিশ্চয় দানশীল পুৰুষ আৰু দানশীলা নাৰী আৰু যিসকলে আল্লাহক উত্তম ঋণ দিয়ে, তেওঁলোকক (ইয়াৰ পৰিবৰ্তে) বহু গুণ বৃদ্ধি কৰি দিয়া হ’ব আৰু তেওঁলোকৰ বাবে আছে সন্মানজনক পুৰষ্কাৰ।
তাফছীৰ
নিশ্চয় যিসকল পুৰুষ আৰু মহিলাই কোনো ধৰণৰ কষ্ট আৰু চৰ্চা নকৰাকৈ আনন্দচিত্তে নিজৰ সম্পদ ব্যয় কৰে, তেওঁলোকক তেওঁলোকৰ আমলৰ প্ৰতিদান বহু গুণে বৃদ্ধি কৰি দিয়া হ’ব। তথা এটা নেকী দহৰ পৰা সাতশ আনকি আৰু অধিক বৃদ্ধি কৰি দিয়া হ’ব। ইয়াৰ বাহিৰেও আল্লাহৰ ওচৰত তেওঁলোকৰ বাবে থাকিব সন্মানিত প্ৰতিদান তথা জান্নাত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক