ছূৰা 57 · জুজ 27
Al-Hadid · 57:1
سَبَّحَ لِلَّهِ مَا فِي السَّمَاوَاتِ وَالْأَرْضِ ۖ وَهُوَ الْعَزِيزُ الْحَكِيمُ
আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰে; আৰু তেওঁ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
তাফছীৰ
আকাশমণ্ডল আৰু পৃথিৱীত থকা আল্লাহৰ সকলো সৃষ্টিৰ মাজৰ পৰাই তেওঁৰ পৱিত্রতা আৰু মাহত্ম্য বৰ্ণনা কৰে। তেৱেঁই সেই মহাপৰাক্রমশালী যাক কোনেও পৰাস্ত কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত আৰু পৰিচালনাত মহাপ্ৰজ্ঞাৱান।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক