ছূৰা 54 · জুজ 27
Al-Qamar · 54:6
فَتَوَلَّ عَنْهُمْ ۘ يَوْمَ يَدْعُ الدَّاعِ إِلَىٰ شَيْءٍ نُكُرٍ
এতেকে তুমি সিহঁতক উপেক্ষা কৰা। (স্মৰণ কৰা) যিদিনা আহ্বানকাৰীয়ে আহ্বান কৰিব এটা ভয়াৱহ পৰিণামৰ ফালে,
তাফছীৰ
যিহেতু সিহঁতে সঠিক পথ অৱলম্বন কৰা নাই, গতিকে হে ৰাছুল! আপুনি সিহঁতক এৰি দিয়ক আৰু সিহঁতৰ পৰা মুখ ঘূৰাই থাকক; লগতে অপেক্ষা কৰক সেই দিৱসলৈ, যিদিনা নিয়োজিত ফিৰিস্তাই শিঙাত ফুঁ মাৰি এনেকুৱা এটা অপ্ৰিয় বিষয়ৰ প্ৰতি আহ্বান কৰিব, যিটো বিষয় ইয়াৰ পূৰ্বে কোনো সৃষ্টিয়েই মুখামুখি হোৱা নাই।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক