ছূৰা 54 · জুজ 27
Al-Qamar · 54:36
وَلَقَدْ أَنْذَرَهُمْ بَطْشَتَنَا فَتَمَارَوْا بِالنُّذُرِ
আৰু নিশ্চয় লূতে সিহঁতক আমাৰ কঠিন শাস্তিৰ পৰা সতৰ্ক কৰিছিল, তথাপিও সিহঁতে সাৱধান বাণী সম্পৰ্কে সন্দেহ পোষণ কৰিছিল।
তাফছীৰ
নিশ্চয় লূত আলাইহিচ্ছালামে সিহঁতক আমাৰ শাস্তিৰ পৰা ভীতি প্রদর্শন কৰিছিল। কিন্তু সিহঁতে এই সতর্ক-সংকেতক লৈ পৰস্পৰে বাদানুবাদত লিপ্ত হৈছিল, তথা সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক