ছূৰা 54 · জুজ 27

Al-Qamar · 54:34

إِنَّا أَرْسَلْنَا عَلَيْهِمْ حَاصِبًا إِلَّا آلَ لُوطٍ ۖ نَجَّيْنَاهُمْ بِسَحَرٍ

নিশ্চয় আমি সিহঁতৰ ওপৰত শীল বহনকাৰী প্ৰচণ্ড ধুমুহা পঠিয়াইছিলো, কেৱল লূত পৰিয়ালৰ বাহিৰে; তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো ৰাতিৰ শেষাংশত,

তাফছীৰ

নিশ্চয় আমি সিহঁতৰ ওপৰত শিল নিক্ষেপকাৰী প্ৰচণ্ড বতাহ প্রেৰণ কৰিছিলোঁ, যি বতাহে লূত পৰিয়ালৰ বাহিৰে সকলোকে আঘাত কৰিছিল। তেওঁলোকক শাস্তিয়ে স্পৰ্শ কৰা নাছিল। কাৰণ, আমি তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিছিলোঁ। যিহেতু তেওঁ ৰাতিৰ শেষ ভাগতেই শাস্তি সংঘটিত হোৱাৰ পূর্বেই তেওঁলোকক লগত লৈ সেই অঞ্চলৰ পৰা ওলাই আহিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক