ছূৰা 54 · জুজ 27
Al-Qamar · 54:18
كَذَّبَتْ عَادٌ فَكَيْفَ كَانَ عَذَابِي وَنُذُرِ
আদ সম্প্ৰদায়েও অস্বীকাৰ কৰিছিল, এতেকে মোৰ শাস্তি আৰু ভীতিপ্ৰদৰ্শন কেনে আছিল?
তাফছীৰ
আদ সম্প্রদায়েও সিহঁতৰ নবী হূদ আলাইহিচ্ছালামক মিথ্যাৰোপ কৰিছিল। এতেকে হে মক্কাৰ অধিবাসীসকল! ভাৱি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক