ছূৰা 52 · জুজ 27
At-Tur · 52:38
أَمْ لَهُمْ سُلَّمٌ يَسْتَمِعُونَ فِيهِ ۖ فَلْيَأْتِ مُسْتَمِعُهُمْ بِسُلْطَانٍ مُبِينٍ
নে সিহঁতৰ ওচৰত মৈ আছে, য’ত আৰোহণ কৰি সিহঁতে (উৰ্দ্ধজগতৰ কথা) শুনিবলৈ পায়? তেন্তে সিহঁতে শুনা সেই স্পষ্ট প্ৰমাণটো লৈ আহকচোন!
তাফছীৰ
অথবা সিহঁতৰ ওচৰত চিৰি আছে নেকি, যাৰ সহায়ত সিহঁতে আকাশত আৰোহণ কৰি আল্লাহৰ অহী শ্ৰৱণ কৰে যে, সিহঁত সত্য পথত আছে? এতেকে সিহঁতৰ মাজৰ যিয়ে সেই অহী শুনা পাইছে, সিয়ে স্পষ্ট প্ৰমাণ লৈ অহা উচিত, যিটোৱে প্ৰমাণ কৰিব সিহঁতৰ এই দাবী সত্য যে সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক