ছূৰা 52 · জুজ 27

At-Tur · 52:21

وَالَّذِينَ آمَنُوا وَاتَّبَعَتْهُمْ ذُرِّيَّتُهُمْ بِإِيمَانٍ أَلْحَقْنَا بِهِمْ ذُرِّيَّتَهُمْ وَمَا أَلَتْنَاهُمْ مِنْ عَمَلِهِمْ مِنْ شَيْءٍ ۚ كُلُّ امْرِئٍ بِمَا كَسَبَ رَهِينٌ

আৰু যিসকলে ঈমান আনিছে আৰু তেওঁলোকৰ সন্তান-সন্ততিও ঈমানত তেওঁলোকৰ অনুগামী হৈছে, আমি তেওঁলোকৰ লগত তেওঁলোকৰ সন্তান-সন্ততিক একত্ৰিত কৰিম, আৰু তেওঁলোকৰ কৰ্মফল আমি অলপো হ্ৰাস নকৰিম; প্ৰত্যেক ব্যক্তিয়েই নিজ কৃতকৰ্মৰ বাবে দায়ী।

তাফছীৰ

যিসকল লোকে ঈমান আনিছে, আৰু তেওঁলোকৰ সন্তানসকলেও ঈমান পোষণ কৰি তেওঁলোকৰ অনুসৰণ কৰিছে, আমি সেই সন্তানসকলকো তেওঁলোকৰ সৈতে একত্ৰিত কৰিম, যদিও সন্তানসকলে তেওঁলোকৰ সমান আমল কৰা নাই। আমি তেওঁলোকৰ আমলৰ প্ৰতিদান দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি নকৰোঁ। আনহাতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ বেয়া কৰ্মৰ বাবে নিজে জগৰীয়া। অন্য কোনো ব্যক্তিয়ে তাৰ এই বোজা লাঘৱ কৰিব নোৱাৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক